Skip to content

যিহোৱাৰ সাক্ষীসকলৰ মাজত পাদুৰি বৰ্গ আছে নেকি, যিসকলক দৰমহা দিয়া হয়?

যিহোৱাৰ সাক্ষীসকলৰ মাজত পাদুৰি বৰ্গ আছে নেকি, যিসকলক দৰমহা দিয়া হয়?

 প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ মাজত পাদুৰি বৰ্গ আৰু সাধাৰণ লোক বুলি কোনো ভেদাভেদ নাছিল আৰু যিহোৱাৰ সাক্ষীসকলেও তেওঁলোকৰ উদাহৰণ অনুকৰণ কৰে। বাপ্তিষ্মাপ্ৰাপ্ত সকলো সদস্যই ঈশ্বৰৰ সেৱক হয় আৰু তেওঁলোকে ঘোষণা কৰা আৰু শিকোৱা কাৰ্য্যত ব্যস্ত থাকে। সাক্ষীসকলে বেলেগ বেলেগ মণ্ডলীত সংগঠিত হৈ থাকে আৰু প্ৰায় ১০০ জন সদস্যৰে মণ্ডলী গঠন কৰা হয়। প্ৰতিটো মণ্ডলীত আধ্যাত্মিকভাৱে পৰিপক্ক ভাইসকলে ‘বৃদ্ধলোক’ বা প্ৰাচীন হিচাপে সেৱা কৰে। (তীত ১:৫) তেওঁলোকে কোনো দৰমহা নোলোৱাকৈ এই সেৱা আগবঢ়ায়।