Skip to content

যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰপৰা আহে?

যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যৰ বাবে টকা-পইচা কʼৰপৰা আহে?

 যিহোৱাৰ সাক্ষীসকলে স্ব-ইচ্ছাৰে আগবঢ়োৱা দান-বৰঙণিৰ দ্বাৰা ঘোষণা কাৰ্য্যৰ খৰচ-পাতি বহন কৰা হয়। সভাত উপস্থিত থাকিবলৈ কোনোধৰণৰ চান্দা লোৱা নহয় আৰু নিজৰ উপাৰ্জনৰ দশম ভাগ দিয়াৰ প্ৰয়োজন নাই। (মথি ১০:​৭, ৮) ইয়াৰ পৰিৱৰ্তে, ৰাজ্যগৃহত দান-পাত্ৰ ৰখা হয়। যদি কোনোবাই দান-বৰঙণি দিব বিচাৰে, তেনেহʼলে তেওঁ দান-পাত্ৰবোৰত দিব পাৰে। দান দিয়া ব্যক্তিজনৰ নাম উল্লেখ কৰা নহয়।

 আমাৰ মাজত এনে কোনো পাদুৰি বৰ্গ নাই, যাক আমি দৰমহা দিবলগীয়া হয় আৰু সেইবাবে আমি আমাৰ বৰঙণিৰে কাৰ্য্যবোৰ কৰিবলৈ অসুবিধা নহয়। ইয়াৰ উপৰিও, যিহোৱাৰ সাক্ষীসকলক ঘৰে ঘৰে যোৱাৰ বাবে কোনো ধৰণৰ টকা-পইচা দিয়া নহয় আৰু আমাৰ উপাসনা কৰা ঠাইখন জাক্‌-জমকীয়া নহয়। যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ত পঠোৱা দান-বৰঙণিবোৰ প্ৰাকৃতিক দুৰ্যোগৰপৰা পীড়িত লোকসকলক সহায় কৰাৰ বাবে, মিছনাৰী আৰু চাৰ্কিট ওভাচিয়াৰসকলৰ খৰচ-পাতি, দুখীয়া দেশবোৰত ৰাজ্যগৃহ নিৰ্মাণ কাৰ্য্য আৰু বাইবেল আধাৰিত কিতাপ-পত্ৰিকাবোৰ ছপা আৰু বিতৰণ কৰা কামত ব্যৱহাৰ কৰা হয়।

 প্ৰতিজন ব্যক্তিয়ে দান-বৰঙণি স্থানীয় কামৰ বাবে আগবঢ়াব, নে বিশ্বজুৰি হৈ থকা কামৰ বাবে আগবঢ়াব নে দুয়োটা কামৰ বাবে দিব, তাৰ নিৰ্ণয় তেওঁলোকে নিজে লʼব। প্ৰত্যেক মণ্ডলীত খৰচ-পাতিৰ বিষয়ে সময়ে সময়ে মণ্ডলীৰ সদস্যসকলক জনোৱা হয়, যাতে তেওঁলোকে মণ্ডলীত হৈ থকা খৰচ-পাতিৰ বিষয়ে জানিব পাৰে।