Skip to content

Skip to table of contents

সঁচাকৈ আপুনি এজন সহনশীল ব্যক্তিনে?

সঁচাকৈ আপুনি এজন সহনশীল ব্যক্তিনে?

সঁচাকৈ আপুনি এজন সহনশীল ব্যক্তিনে?

 কোনোবাই আপোনাৰ সৈতে অসৎ ব্যৱহাৰ কৰাৰ বাবে আপুনি কেতিয়াবা অতি ক্ৰোধিত হৈছেনে? যেতিয়া কোনো অসৎ প্ৰবৃত্তিসমূহে আপোনাৰ অন্তৰঙ্গ বন্ধুবিলাকক প্ৰভাৱিত কৰে, তেতিয়া আপুনি কোনো পলম নকৰাকৈ পদক্ষেপ লয়নে?

কেতিয়াবা গম্ভীৰ পাপক প্ৰতিৰোধ কৰিবলৈ তৎক্ষণাত কঠোৰ পদক্ষেপ লোৱা আৱশ্যক। উদাহৰণসস্বৰূপে, সা.যু.পূ. ১৫ চনত ইস্ৰায়েল জাতিয়ে এনে গম্ভীৰ পাপত পৰিছিল, সেই পাপ দূৰ কৰিবলৈ হাৰোণৰ নাতিয়েক পীনহচে দৃঢ় পদক্ষেপ লবলগীয়া হʼল। তেওঁ কৰা ক্যৰ্য্যৰ বাবে যিহোৱাই সন্মতি দি তেওঁৰ বিষয়ে এইদৰে কৈছিল: “পীনহচে . .  ইস্ৰায়েলৰ সন্তানবিলাকৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানবিলাকক বিনষ্ট নকৰিলোঁ।”—গণনা পুস্তক ২৫:১-১১.

পীনহচে গম্ভীৰ পাপৰ বিৰুদ্ধে লোৱা তেনে পদক্ষেপ সঁচাকৈ উল্লেখনীয় আছিল। কিন্তু আনে কৰা সামান্য ভুলৰ বাবে ক্ৰোধীত হোৱাৰ বিষয়ে কি? আমি যদি কোনো যথাৰ্থ কাৰণ নোহোৱাকৈ পদক্ষেপ লওঁ, তেন্তে ই আমাক উচিত কাৰ্য্য কৰা বা সহনহীল ব্যক্তি হোৱাৰ পৰিচয় নিদিব। গতিকে কিহে আমাক এনে পদক্ষেপ নলবলৈ সহায় কৰিব?

‘যিহোৱাই আপোনাৰ সকলো পাপ ক্ষমা কৰিছে’

যিহোৱা হৈছে এজন “উদ্যোগী আৰু প্ৰতিফল দিওঁতা ঈশ্বৰ।” (যাত্ৰাপুস্তক ২০:৫) তেওঁ আমাৰ সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে, কেৱল তেওঁহে ভক্তি পোৱাৰ যোগ্য। (প্ৰকাশিত বাক্য ৪:১১) তথাপি যিহোৱাই মানৱজাতিয়ে অসিদ্ধতাৰ ফলত কৰা ভুলবোৰক ক্ষমা কৰে। সেয়েহে যিহোৱাৰ সম্পৰ্কে গীতমালাৰ লিখক ৰজা দায়ুদে এইদৰে গীত গাইছিল: “যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান। তেওঁ সদায় ধম্‌কি দি নাথাকিব . . . তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য্য কৰা নাই, আমাৰ অধৰ্ম্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।—গীতমালা ১০৩:৩, ৮-১০.

কিয়নো যিহোৱাই মানৱজাতিৰ পাপময় অৱস্থাক বুজি পায় আৰু সেইবাবে তেওঁ মন পালটন কৰোঁতাসকলক “সদায় ধম্‌কি দি নাথাকিব।” (গীতমালা ৫১:৫; ৰোমীয়া ৫:১২) দৰাচলতে, তেওঁৰ উদ্দেশ্য হৈছে পাপ আৰু অসিদ্ধতাক আঁতৰ কৰা। এতেকে তেওঁৰ এই উদ্দেশ্য পূৰ অৰ্থাৎ “আমালৈ কাৰ্য্য” নকৰালৈকে যীচু খ্ৰীষ্টৰ বলিদানৰ যোগেদি আমাৰ পাপ ক্ষমা কৰি থাকিব। যদি যিহোৱাই আমাৰ পাপবোৰ ক্ষমা নকৰে তেন্তে আমাৰ কোনো এজনেও উদ্ধাৰ পাব নোৱাৰিলেহেঁতেঁন। (গীতমালা ১৩০:৩) গতিকে আমি আমাৰ স্বৰ্গীয় পিতৃ যিহোৱালৈ কিমান যে কৃতজ্ঞ হোৱা উচিত। তদুপৰি তেওঁহে কেৱল একান্ত ভক্তি পোৱাৰ যোগ্য, কিয়নো তেওঁ হৈছে এজন প্ৰেমময় ঈশ্বৰ!

ভাৰসাম্য বজাই ৰখা আৱশ্যক

এই বিশ্বৰ সৰ্ব্বশক্তিমান ঈশ্বৰে অসিদ্ধ মানৱজাতিৰ সকলো পাপ ক্ষমা কৰি সহনশীলতা দেখুৱালে। গতিকে আমি আমাৰ অহিতে অপৰাধ কৰা লোকসকলৰ প্ৰতি সেই একেই মনোবৃত্তি নেদেখুৱামনে বাৰু? সহনশীলতা শব্দটোৰ অৰ্থ হৈছে: “আনে আমাৰ মনত আঘাত দিয়া কাৰ্য্য কৰা বা আচাৰ-ব্যৱহাৰত সদায়ে ধৈৰ্য্য ধৰা।” আনে যেতিয়া আমাৰ অহিতে গম্ভীৰ পাপ নহয় কিন্তু, আমাৰ মনত আঘাত দিয়া কাৰ্য্য কৰা বা অসৎ ব্যৱহাৰ কৰে, তেনেহʼলে আমিও ব্যক্তিগতৰূপে ধৈৰ্য্যশীল হʼমনে?

অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে আমি প্ৰয়োজনতকৈ অধিক সহনশীল হোৱা উচিত। উদাহৰণস্বৰূপে, কিছুমান অসৎ পাদুৰীয়ে লʼৰা-ছোৱালীৰ ওপৰত কৰা অত্যাধিক অত্যাচাৰক ধৰ্ম্মীয় অধিকাৰী সকলে সহন কৰাৰ বাবে সংঘাতিক পৰিণাম হৈছিল। এই বিষয়ে আয়াৰলেণ্ডত এজন সংবাদিকে এইদৰে কৈছিল: “লʼৰা-ছোৱালীবিলাকক পাপী হিচাপে ব্যৱহাৰ কৰা কাৰ্য্যক, গীৰ্জাৰ ধৰ্ম্মীয় অধিকাৰীসকলে এক সাধাৰণ ঘটনাৰ ৰূপ দি সেই অসৎ পাদুৰীবোৰক আন ঠাইলৈ স্থানতাৰিত কৰে।”

তেনে ব্যক্তিসকলক বেলেগ স্থানলৈ স্থানান্তৰিত কৰি ধৰ্ম্মীয় অধিকাৰীসকলে সঠিক সহনশীলতাৰ আৰ্হি ৰাখিলে বুলি কব পাৰিনে? নিশ্চয়ে নহয়! ধৰি লওঁক চিকিৎসাক সমিতিয়ে, এজন অমনোযোগী শৈল্য চিকিৎসকক তেওঁৰ ৰোগীসকলক ভুল চিকিৎসা কৰাৰ বাবে মৃত্যু হোৱাৰ স্বত্ত্বেও তেওঁক এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰে। তেওঁক কেৱল চিকিৎসীয় চুক্তি ভঙ্গ কৰাৰ বাবে স্থানান্তৰ কৰি তেওঁৰ প্ৰতি হয়তো “সহনশীলতা” প্ৰকাশ কৰা হʼব। কিন্তু সেই ব্যক্তিজনৰ বিষয়েনো কি, যিজন অমনোযোগী বা অপৰাধী চিকিৎসকৰ বাবে মৃত্যু বৰণ কৰিব লগা হʼল?

তদুপৰি, কম পৰিমাণে সহনশীলতা দেখুৱাতোও বিপদজনক। যীচুৱে পৃথিৱীত থকা সময়ছোৱাত ধৰ্ম্মান্ধ যিহূদীসকলে পীনহাচৰ আৰ্হিক ভুলভাৱে লৈ তেওঁলোকৰ কাৰ্য্যসমূহক উচিত বুলি গণ্য কৰিছিল। তেওঁলোকৰ কিছুমান ধৰ্ম্মান্ধসকলে নিজৰ কাৰ্য্যত ইমানে আগবাঢ়ি গৈছিল যে “যিৰূচালেমত হোৱা উৎসৱ আৰু একেই উপলক্ষত লোকসকলৰ সৈতে একত্ৰিত হৈ বিৰোধীসকলক ডেগাৰেৰে হত্যা কৰিছিল।

খ্ৰীষ্টান হোৱা হেতুকে আমি সেই ধৰ্ম্মান্ধসকলৰ আৰ্হিক অনুকৰণ কৰি আমাক দুখ দিয়া লোকসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰা উচিত নহয়। কিন্তু কিছু পৰিমাণে দেখুৱা সহনশীলতাই আমাক বিৰক্ত কৰা লোকসকলক আমি অনুচিত কথা কৈ তেওঁলোকৰ মনত আঘাট দিবলৈ পৰিচালিত কৰেনে? যদি আমি সচাঁকৈ সহনশীল ব্যক্তি হওঁ, তেনেহʼল আমি তেনে ধৰণৰ আনৰ মনত আঘাট কৰা কথা-বতৰাৰ পৰা সদায়ে আঁতৰি থাকিম।

প্ৰথম শতাব্দীৰ ফৰীচীসকল অসহনশীল ব্যক্তি আছিল। তেওঁলোকে প্ৰায়ে মানৱ অসিদ্ধতাক হেয়জ্ঞান কৰি আনক দোষাৰোপ কৰিছিল। এই অহঙ্কাৰী ফৰীচীসকলে সাধাৰণ লোকসমূহক “শাও পোৱা” বুলি দৃষ্টি কৰিছিল। (যোহন ৭:৪৯) সেইবাবে যীচুৱে সেই ধৰ্ম্মাভিমানী ফৰীচীসকলক এইদৰে কৈছিল: “হায় হায় কপটীয়া অধ্যাপক আৰু ফৰীচীবিলাক তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকে পদিনা, গুৱামৰি, আৰু জীৰাৰ দশম ভাগ দান কৰা, কিন্তু বিধানৰ মাজৰ গুৰুতৰ ভাগ যি ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰ এৰিলাহঁক। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰকো নেৰা তোমালোকৰ উচিত আছিল।”—মথি ২৩:২৩.

বাস্তৱতে যীচুৱে তেনেধৰণৰ উক্তি দাঙি ধৰি মোচিৰ নিয়মক হেয়জ্ঞান কৰা নাছিল। তেওঁ কেৱল নিয়মৰ সম্বন্ধে থকা “গুৰুতৰ” বা সকলোতকৈ আৱশ্যকীয় বিষয়ৰ সম্পৰ্কে উল্লেখ কৰিছিল, যিটোক ন্যায়পৰায়ণ আৰু দয়াৰ সৈতে পালন কৰিব লাগিছিল। যীচু আৰু তেওঁৰ শিষ্যসকল সহনশীল নোহোৱা ফৰীচী আৰু ধৰ্ম্মান্ধসকলৰ পৰা কিমান যে ভিন্ন আছিল!

যিহোৱা ঈশ্বৰে হওঁক বা যীচুৱে হওঁক, তেওঁলোকে দুষ্টতাক কেতিয়াও ক্ষমা নকৰে। সেইবাবে অতি শীঘ্ৰেই “ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব।” (২ থিচলনীকীয়া ১:৬-১০) কিন্তু যিসকলে সত্যৰ পথত চলি থাকিবলৈ ইচ্ছা কৰে যীচুৱে তেওঁৰ পিতৃক অনুকৰণ কৰি তেওঁলোকৰ প্ৰতি দয়া, প্ৰেম আৰু ধৈৰ্য্যশীল হয়। (যিচয়া ৪২:১-৩; মথি ১১:২৮-৩০; ১২:১৮-২১) যীচুৱে কিযে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে!

তোমালোক পৰস্পৰ সহনীয় হোৱা

যদিও আমাৰ সকলোৰে উত্তম কাৰ্য্য কৰিবলৈ ইচ্ছা আছে, এই ক্ষেত্ৰত আঁহক আমি পাঁচনি পৌলে কোৱা এই উপদেশক পালন কৰোঁহঁক। তেওঁ এইদৰে কৈছিল: “তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; [যিহোৱাই, NW] যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা।” (কলচীয়া ৩:১৩; মথি ৬:১৪, ১৫) সহনশীল হোৱাৰ অৰ্থ হৈছে এই অপৰিপূৰ্ণ জগতত ইজনে-সিজনৰ ক্ৰটিবোৰক ক্ষমা কৰা। আমি আনৰ পৰা অপেক্ষা কৰাৰ সময়ত যুক্তিসঙ্গত হোৱা উচিত।—ফিলিপীয়া ৪:৫.

সহনশীলতা হোৱাৰ অৰ্থ এইটো নহয় যে ভুল কাৰ্য্যসমূহক অনুমতি দিয়া বা ভুলবোৰৰ প্ৰতি আওঁকাণ কৰা। কেতিয়াবা হয়তো সঙ্গী উপাসকলৰ ভাৱনা বা আচাৰ-ব্যৱহাৰ কিছুমাত্ৰাত যিহোৱাৰ স্তৰসমূহৰ সামঞ্জস্যৰ নহʼব পৰে। যদিও সেই কাৰ্য্য ঈশ্বৰে অগ্ৰাহ্য কৰাৰ দৰে গম্ভীৰ বিষয় নহয়, তথাপিও ই সঙ্কেত দিয়ে যে সেই সঙ্গী উপাসকজনক কিছু সাল-সলনিৰ আৱশ্যকতা আছে। (আদিপুস্তক ৪:৬, ৭) গতিকে ই কিমান যে এক প্ৰেমময় প্ৰবন্ধ, যেতিয়া উপযুক্ত ব্যক্তিসকলে মৃদুভাৱে সেই ভুল কৰা ব্যক্তিকজনক সংশোধন কৰে! (গালাতীয়া ৬:১) সেয়েহে তেনে ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ হʼলে, দোষ বিচাৰা মনোবৃত্তিৰে নহয় কিন্তু বিবেচনাশীল হৈ কাৰ্য্য কৰা উচিত।

‘নম্ৰতা আৰু শ্ৰদ্ধাৰে উত্তৰ দিবা’

যিসকলৰ বিশ্বাস আমাৰ ধৰ্ম্মৰ সৈতে মিল নাখায় তেওঁলোকৰ প্ৰতি সহনশীলতা হোৱা উচিত নে? ১৮৩১ চনত আয়াৰলেণ্ডত স্থাপিত হোৱা সকলো ৰাষ্ট্ৰীয় বিদ্যালয়বোৰত এক “সাধাৰণ পাঠ” পঠোৱা হʼল। যʼত এইদৰে কোৱা হৈছিল: “যীচুৱে কোনো এজনক তেওঁৰ ধৰ্ম্মক পালন কৰিবলৈ বল প্ৰয়োগ কৰা নাছিল। . . . আমি যে সঠিক আৰু তেওঁলোক যে ভুল, এই বিষয়ে মান্তি কৰাবলৈ চুবুৰীয়াৰ ওপৰত বল প্ৰয়োগ কৰাটো এক সঠিক পদ্ধতি নহয়। কিয়নো এনেধৰণৰ কাৰ্য্যই প্ৰকাশ কৰে যে আমাৰ ওচৰত খ্ৰীষ্টীয় মনোবৃত্তি নাই।”

যিদৰে যীচুৱে তেওঁৰ শিক্ষা আৰু কাৰ্য্যৰ দ্বাৰা লোকসকলক ঈশ্বৰৰ বাক্যৰ প্ৰতি ধ্যান আৰ্কষিত কৰিবলৈ শিকাইছিল আৰু কাৰ্য্য কৰিছিল, ঠিক সেইদৰে আমিও কৰা উচিত। (মাৰ্ক ৬:৩৪; লূক ৪:২২, ৩২; ১ পিতৰ ২:২১) এজন সিদ্ধ মানৱ আৰু ঈশ্বৰৰ পৰা পোৱা অন্তৰ্দৃষ্টিৰ বাবে তেওঁ লোকসকলৰ মন পঢ়িবলৈ পাৰিছিল। সেয়েহে প্ৰয়োজনীয় সময়ত যিহোৱাৰ শত্ৰুসকলৰ ওপৰত উচিতৰূপে ঈশ্বৰৰ ক্ৰোধৰ বিষয়ে ঘোষণা কৰিব পাৰিলে। (মথি ২৩:১৩-৩৩) এনে কাৰ্য্য কৰাৰ দ্বাৰা তেওঁ অসহনশীলতাৰ প্ৰকাশ কৰা নাছিল।

যিহেতু যীচুৰ দৰে আমি আনৰ মনৰ কথা পঢ়িব নোৱাৰোঁ। সেয়েহে আমি পাঁচনি পিতৰৰ এই পৰামৰ্শক পালন কৰা উচিত। তেওঁ এইদৰে কৈছিল: ‘কিন্তু খ্ৰীষ্টক প্ৰভু বুলি তোমালোকৰ হৃদয়ত পবিত্ৰ কৰি মানিবা; যি কোনোৱে তোমালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক তোমালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম হবা; কিন্তু নম্ৰতাৰে আৰু শ্ৰদ্ধাৰে উত্তৰ দিবা।’ ( পিতৰ ৩:৫) যিহোৱাৰ সেৱক হিচাপে ঈশ্বৰৰ বাক্যৰ ওপৰত থকা নিজৰ বিশ্বাসৰ পক্ষে উত্তৰ দিবলৈ সাজু থকা উচিত। কিন্তু তেনে কৰোঁতে আমি আনৰ বিশ্বাসৰ প্ৰতি অসন্মান দেখুৱা উচিত নহয়। এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে লিখিছিল: “কাক কেনেকৈ উত্তৰ দিব লাগে, তাক যেন তোমালোকে জানিব পৰা, এই নিমিত্তে তোমালোকৰ আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত হওক।”—কলচীয়া ৪:৬.

তদুপৰি যীচুৱে তেওঁৰ জনা-পৰিচিত পৰ্ব্বতীয় উপদেশত এইদৰে কৈছিল: “. . . সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে, তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা।” (মথি ৭:১২) সেইবাবে আঁহক আমি বাইবেলৰ আধাৰিত ধাৰ্ম্মিকতাৰ প্ৰতি ভাৰসাম্য বজাই ৰাখি সহনশীল হৈ যিহোৱাৰ মন আনন্দিত কৰোঁহঁক। সঁচাকৈ তেহে আমি নিজকে সহনশীল হোৱাৰ পৰিচয় দিব পাৰিম।(w01 7/15)

[৩১ পৃষ্ঠাৰ ছবি]

ফৰীচীসকলে ৰখা সহনশীল নোহোৱা মনোবৃত্তিৰ পৰা বিৰত থাকক

[৩১ পৃষ্ঠাৰ ছবি]

যীচুৱে তেওঁৰ পিতৃত থকা সহনশীলতা মনোবৃত্তিক প্ৰতিফলিত কৰিলে। আপুনিও সেই একেইদৰে কৰেনে?