Skip to content

Skip to table of contents

মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?

আপোনজনাক হেৰুৱাৰ দুখ কেনেকৈ সহন কৰিম?—দুখৰ পৰা কেনেকৈ ওলাই আহিব পাৰি?

আপোনজনাক হেৰুৱাৰ দুখ কেনেকৈ সহন কৰিম?—দুখৰ পৰা কেনেকৈ ওলাই আহিব পাৰি?

দুখৰ পৰা ওলাই আহিবলৈ যদি আপোনাক পৰামৰ্শৰ প্ৰয়োজন হয়, তেনেহʼলে বহুতো পৰামৰ্শ পাব পাৰে। তাৰে মাজত কিছুমান আপোনাৰ বাবে লাগতিয়াল হʼব পাৰে। কিয়নো সকলোৱে বেলেগ বেলেগ ধৰণৰ বেদনাৰ সন্মুখীন হয়। যদি এটা পৰামৰ্শ এজন ব্যক্তিৰ বাবে লাগতিয়াল হয়, আনজনৰ বাবে সেয়া নহʼবও পাৰে।

কিন্তু এনে কিছুমান পৰামৰ্শ আছে, যিবোৰ ব্যৱহাৰ কৰাৰ যোগেদি বহুতো লোকে লাভৱান হৈছে। এই পৰামৰ্শবোৰ এখন প্ৰাচীন কিতাপ, বাইবেলৰ পৰা লোৱা হৈছে। ইয়াত উল্লেখ কৰা সিদ্ধান্তবোৰ বিভিন্ন সময়ৰ লোকসকলৰ বাবে লাভজনক।

১: নিজৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকলৰ সহায় লওক

  • কিছুমান বিশেষজ্ঞই ভাবে যে বেদনাৰ পৰা ওলাই আহিবলৈ বন্ধু আৰু পৰিয়ালৰ লোকে সহায় কৰিব পাৰে। হয়তো কেতিয়াবা আপুনি অকলে থাকিব বিচাৰে। সেই সময়ত কোনোবাই যদি সহায় কৰিবলৈ আহে, তেতিয়া আপোনাৰ হয়তো খং উঠিব পাৰে। এনেদৰে অনুভৱ কৰাটো স্বাভাৱিক।

  • এয়া নাভাবিব যে সকলো সময়তে লোকসকলে আপোনাৰ ওচৰতে থাকিব। কিন্তু এয়াও ধ্যান দিয়ক যে আপুনি আনৰ পৰা দূৰ হৈ যাতে অকলশৰীয়াকৈ নাথাকে। কিয়নো আগলৈ গৈ আপোনাক তেওঁলোকৰ প্ৰয়োজন হʼব পাৰে। বৰ্তমান সময়ত আপোনাৰ কিহৰ প্ৰয়োজন আছে বা কিহৰ প্ৰয়োজন নাই, তাক আনক প্ৰেমেৰে জনাওক।

  • যেতিয়া আনৰ লগত থাকিবলৈ মন যায়, তেতিয়া তেওঁলোকৰ লগত সময় কটাওক আৰু যেতিয়া অকলে থাকিবলৈ মন যায়, সেই সময়ত অকলে থাকক।

সিদ্ধান্ত: “এজনতকৈ দুজন ভাল, কিয়নো . . . তেওঁবিলাক পৰিলে, এজনে নিজৰ সঙ্গীক তুলিব পাৰে।”—উপদেশক ৪:৯, ১০.

২: খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখক আৰু ব্যায়াম কৰক

  • সন্তুলিত আহাৰ খোৱাৰ যোগেদি চিন্তা কম হʼব পাৰে। কম প্ৰটিনযুক্ত আহাৰ, বিভিন্ন ধৰণৰ ফলমূল আৰু শাক-পাঁচলি খাব পাৰে।

  • অধিক পৰিমাণে পানী আৰু জুছ খাওক।

  • যদি ভোক নালাগে, তেনেহʼলে অলপ অলপকৈ খাওক। আপুনি ভিটামিনৰ দৰব লʼব পাৰে নে নোৱাৰে, তাৰ বিষয়ে ডাক্তৰৰ পৰামৰ্শ লওক। a

  • খৰকৈ খোজ কাঢ়িলে আৰু ব্যায়াম কৰিলে আপোনাৰ চিন্তা আৰু খং কম হʼব পাৰে। ব্যায়াম কৰাৰ সময়ত আপোনাৰ জীৱনত হোৱা কিছুমান পৰিৱৰ্তনৰ বিষয়ে চিন্তা কৰিব পাৰে। আপোনাৰ লগত যি যি ঘটিল, সেইবোৰ বিষয়ে চিন্তা কৰাৰ পৰা আঁতৰি থাকিব পাৰে।

সিদ্ধান্ত: “কিয়নো কোনেও নিজ মাংসক কেতিয়াও ঘিণোৱা নাই; কিন্তু তাক পোহন-পালনহে কৰিছে।”—ইফিচীয়া ৫:২৯.

৩: ভাল টোপনি লওক

  • ভালদৰে টোপনি যোৱাটো সকলোৰে বাবে অতি প্ৰয়োজন। দুখত ভুগি থকা লোকসকলৰ বাবে এইদৰে কৰাটো আৰু বেছি প্ৰয়োজন। কিয়নো দুখত থকাৰ বাবে তেওঁলোকে বহুত ভাগৰি যায়।

  • যদি আপুনি কেফিন থকা পদাৰ্থ যেনে: চাহ, কফি আৰু মদ খায়, তেনেহʼলে যদি সম্ভৱ হয়, এইবোৰৰ পৰিমাণ কমাই দিয়ক। কিয়নো এইবোৰে আপোনাৰ টোপনি কাঢ়ি লʼব পাৰে।

সিদ্ধান্ত: “পৰিশ্ৰম, আৰু বতাহক ধৰিবলৈ কৰা চেষ্টাৰে সৈতে দুই মুঠিতকৈ শান্তিৰে সৈতে এমুঠিয়েই ভাল।”—উপদেশক ৪:৬.

৪: এনে কাম কৰক যিবোৰৰ পৰা আপুনি সহায় পাব পাৰে

  • আপোনজনাৰ মৃত্যুৰ বাবে যি বেদনা অনুভৱ হয়, সেই বেদনা সকলোৰে বাবে একেই নহয়। নিজৰ বেদনাৰ পৰা ওলাই আহিবলৈ যিবোৰ কামে আপোনাক সহায় কৰে, সেইবোৰ কৰক।

  • কিছুমান লোকে আনক নিজৰ বেদনাৰ বিষয়ে কোৱাৰ যোগেদি সহায় লাভ কৰিছে। আনহাতে, এনে কিছুমান লোক আছে, যিসকলে নিজৰ বেদনাৰ বিষয়ে আনক নজনায়। নিজৰ বেদনাৰ বিষয়ে আনক কʼলে সহায় পাব নে নাপাই তাৰ বিষয়ে বিশেষজ্ঞসকলেও ভালদৰে কʼব নোৱাৰে। যদি আপুনি নিজৰ দুখৰ বিষয়ে আনক জনাব বিচাৰিছে, কিন্তু জনাবলৈ সংকোচ কৰিছে, তেনেহʼলে কোনো এজন ঘনিষ্ঠ বন্ধুক তাৰ বিষয়ে কওক।

  • কিছুমান লোকে কান্দি নিজৰ বেদনা কম কৰে। আনহাতে, কিছুমান লোকে নাকান্দিও নিজকে চম্ভালি লʼব পাৰে।

সিদ্ধান্ত: “মনে নিজৰ বেজাৰ নিজে বুজে।”—হিতোপদেশ ১৪:১০.

৫: বেয়া অভ্যাসবোৰৰ পৰা আঁতৰি থাকক

  • কিছুমান লোকে নিজৰ আপোনজনাৰ মৃত্যুৰ দুখ পাহৰিবলৈ প্ৰচুৰ পৰিমাণে মদ খায় অথবা ড্ৰাগ্ছ সেৱন কৰে। এনে কৰাৰ যোগেদি তেওঁলোকে নিজৰ দুখ কমোৱাৰ পৰিৱৰ্তে আৰু বেছিকৈ বঢ়াই লয়। এইবোৰ বস্তুৱে মানুহক অলপ সময়ৰ কাৰণেহে শান্তি দিয়ে, কিন্তু আগলৈ গৈ ইয়াৰ বেয়া পৰিণামহে হয়। নিজৰ মনক শান্ত কৰিবলৈ এনে কিছুমান কাম কৰক, যাৰ পৰা আপুনি লাভৱান হয়।

সিদ্ধান্ত: ‘আহাঁ, আমি শৰীৰ আৰু আত্মাৰ সকলো মলৰ পৰা নিজক শুচি কৰোঁহক।’—২ কৰিন্থীয়া ৭:১.

৬: সময়ৰ ভাল ব্যৱহাৰ কৰক

  • বহুতো লোকে এয়া অনুভৱ কৰিছে যে সকলো সময়তে দুখৰ বিষয়ে ভাবি থকাৰ পৰিৱৰ্তে বেলেগ বেলেগ কামত নিজকে ব্যস্ত ৰাখে, তেনেহʼলে দুখৰ পৰা ওলাই আহিবলৈ সহায় পাব পাৰে।

  • আপুনি নতুন বন্ধু বনাব পাৰে, পুৰণি বন্ধুসকলক লগ কৰিব পাৰে বা নতুন কিবা কাম শিকিব পাৰে। ইয়াৰ উপৰিও কিছুমান ভাল মনোৰঞ্জন কৰিব পাৰে। এইবোৰ কৰাৰ যোগেদি আপুনি কিছু সময়ৰ বাবে ভাল অনুভৱ কৰিব।

  • সময়ৰ লগে লগে এনে কামবোৰ বেছিকৈ কৰিব পাৰে, যাৰ যোগেদি আপুনি নিজৰ দুখৰ পৰা আঁতৰি থাকিব পাৰে। এইদৰে কৰিলে লাহে লাহে আপোনাৰ বেদনাও কমি যাব।

সিদ্ধান্ত: “প্ৰত্যেক বিষয়েৰেই এক এক সময় আছে, . . . কান্দিবৰ সময় আৰু হাঁহিবৰ সময়, বিলাপ কৰিবৰ সময় আৰু নাচিবৰ সময়।”—উপদেশক ৩:১, ৪.

৭: এটা ভাল তালিকা ব্যৱহাৰ কৰক

  • যিমান সোনকালে পাৰে আগৰ দৰে ভাল তালিকাৰ মতে চলিবলৈ চেষ্টা কৰক।

  • শুবলৈ, চাকৰিত যাবলৈ আৰু অন্য কামবোৰৰ বাবে যদি আপুনি দৈনন্দিন তালিকা ব্যৱহাৰ কৰে, তেনেহʼলে আপোনাৰ জীৱন আগৰ দৰে স্বাভাৱিক হʼব পাৰে।

  • যদি আপুনি ভাল কামবোৰত নিজকে ব্যস্ত ৰাখে, তেনেহʼলে বেদনাৰ পৰা ওলাই আহিবলৈ সহায় পাব।

সিদ্ধান্ত: “ঈশ্বৰে তাৰ মনত আনন্দ জন্মাই তাক উত্তৰ দিয়াত, সি নিজৰ আয়ুসৰ দিন কেইটা বিস্তৰ সোঁৱৰণ নকৰে।”—উপদেশক ৫:২০.

৮: খৰ-ধৰকৈ নিৰ্ণয় নলʼব

  • কিছুমান লোকে নিজৰ আপোনজনাৰ মৃত্যুৰ পাছত ডাঙৰ ডাঙৰ নিৰ্ণয় লয়। কিন্তু পাছলৈ গৈ সেই নিৰ্ণয়ৰ লোৱাৰ বাবে অনুতাপ কৰে।

  • হঠাতে ডাঙৰ নিৰ্ণয় নলৈ অলপ সময় অপেক্ষা কৰক। যেনে, ঘৰ বা চাকৰি সলনি কৰিবলৈ বা মৃত্যু হোৱা আপোনজনাৰ বস্তুবোৰ আনক দিবলৈ অথবা পেলাই দিবলৈ খৰ-ধৰ নকৰিব।

সিদ্ধান্ত: “পৰিশ্ৰমী লোকৰ চিন্তাই কেৱল লাভহে জন্মায়; কিন্তু খৰ কৰোঁতাই কেৱল দৰিদ্ৰতালৈহে খৰ কৰে।”—হিতোপদেশ ২১:৫.

৯: নিজৰ আপোনজনাক মনত পেলাওক

  • কিছুমান লোকে অনুভৱ কৰিলে যে নিজৰ আপোনজনাক মনত পেলালে বেদনাৰ পৰা ওলাই আহিবলৈ সহায় পোৱা যায়।

  • আপুনি যদি বিচাৰে নিজৰ আপোনজনাৰ ফটো বা তেওঁৰ কিছুমান বস্তু চম্ভালি ৰাখিব পাৰে। তেওঁৰ সৈতে জড়িত থকা কিছুমান ঘটনা বা বিষয়ে এখন বহিত লিখি ৰাখিব পাৰে, যাতে তেওঁক মনত পেলাব পাৰে।

  • তেওঁৰ লগত অতিবাহিত কৰা ভাল সময়ৰ ফটোবোৰ চম্ভালি ৰাখিব পাৰে। পাছত যেতিয়া আপোনাক অলপ ভাল লাগে, তেতিয়া সেই ফটোবোৰ চাব পাৰে।

সিদ্ধান্ত: “পূৰ্ব্বকালৰ দিনবোৰ সোঁৱৰা।”—দ্বিতীয় বিবৰণ ৩২:৭.

১০: কʼৰবালৈ ফুৰিবলৈ যাওক

  • আপুনি যদি বিচাৰে কোনো এখন ঠাইত ফুৰিবলৈ যাব পাৰে।

  • যদি বেছি দিনৰ বাবে যাবলৈ সম্ভৱ নহয়, তেনেহʼলে এদিন বা দুদিনৰ বাবে গৈ আহিব পাৰে। বন্ধুসকলৰ লগত পাৰ্ক বা আন ঠাইলৈ ফুৰিবলৈ যাব পাৰে।

  • অলপ সময়ৰ বাবে নিজৰ দৈনন্দিন কামৰ পৰা ওলাই আহিলে আপুনি মনত শান্তি পাব পাৰে।

সিদ্ধান্ত: “আহা, তোমালোকে মোৰ লগত কোনো এখন নিৰ্জন ঠাইলৈ গৈ অলপ আৰাম কৰা।”—মাৰ্ক ৬:৩১.

১১: আনক সহায় কৰক

  • যিকোনো সৰু কামৰ যোগেদি আনক সহায় কৰিলে আপোনাক ভাল লাগিব।

  • প্ৰথমে আপুনি পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱসকলক সহায় কৰিব পাৰে। কিয়নো তেওঁলোকেও আপোনজনাৰ মৃত্যুত দুখ অনুভৱ কৰি আছে। আপোনাৰ দৰে তেওঁলোকৰো শান্ত্বনাৰ প্ৰয়োজন আছে।

  • আনক শান্ত্বনা দিলে আৰু সহায় কৰিলে আপুনি আনন্দিত হʼব আৰু অনুভৱ কৰিব যে আপোনাৰ জীয়াই থকাৰ উদ্দেশ্য আছে।

সিদ্ধান্ত: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।”—পাঁচনিৰ কৰ্ম্ম ২০:৩৫.

১২: গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত পুনৰ চিন্তা কৰক

  • যেতিয়া আমি নিজৰ আপোনজনাক হেৰুৱাও, তেতিয়া নিজৰ জীৱনত কি কথা গুৰুত্বপূৰ্ণ, সেই বিষয়ে ভাবিবলৈ বাধ্য হৈ পৰোঁ।

  • এতিয়ালৈকে আপুনি কেনেধৰণৰ জীৱন-যাপন কৰিছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক।

  • যদি আপোনাক কিছুমান বিষয়ত সাল-সলনি কৰিবলগীয়া হয়, তেন্তে কৰক!

সিদ্ধান্ত: “ভোজৰ ঘৰলৈ যোৱাতকৈ বিলাপৰ ঘৰলৈ যোৱা ভাল; কিয়নো সেয়ে সকলো মানুহৰ শেষগতি আৰু জীয়াই থকা লোকে তাক মনত ৰাখিব।”—উপদেশক ৭:২.

এয়া সঁচা যে পৃথিৱীৰ কোনো বস্তুৱে আমাৰ বেদনা সম্পূৰ্ণৰূপে শেষ কৰিব নোৱাৰে। কিন্তু আপোনাৰ দৰে বহুতো লোকে নিজৰ বেদনাৰ পৰা ওলাই আহিবলৈ কিছুমান পদক্ষেপ লʼলে, যাৰ যোগেদি তেওঁলোকে বহুতো শান্ত্বনা পালে। তাৰে কিছুমান পৰামৰ্শ এই লেখত দিয়া হৈছে। যদিও ইয়াত সকলোবোৰ পৰামৰ্শ দিয়া নাই, যাক পালন কৰিলে এজন ব্যক্তিৰ দুখ কম হʼব পাৰে। তথাপিও ইয়াত এনে কিছুমান পৰামৰ্শ দিয়া হৈছে, যাক পালন কৰিলে কিছু সময়ৰ বাবে আপুনি বেদনাৰ পৰা ওলাই আহিবলৈ সহায় পাব।

a সচেতন থাকক! আলোচনীখনে বিশেষ কোনো স্বাস্থ্য সমন্ধীয় পৰামৰ্শ নিদিয়ে।