Skip to content

Skip to table of contents

অধ্যয়নৰ বাবে বিষয়

জাগি থাকিবলৈ গভীৰভাৱে অধ্যয়ন কৰক

জাগি থাকিবলৈ গভীৰভাৱে অধ্যয়ন কৰক

দানিয়েল ৯:১-১৯ পঢ়ক আৰু জানক যে গভীৰভাৱে অধ্যয়ন কৰাটো কিয় গুৰুত্বপূৰ্ণ।

বেছিকৈ জানিবলৈ আশে-পাশে থকা পদবোৰ পঢ়ক। ইয়াৰ আগতে কি কি ঘটনা ঘটিছিল আৰু দানিয়েলৰ ওপৰত তাৰ কি প্ৰভাৱ পৰিছিল? (দানি. ৫:২৯–৬:৫) আপুনি দানিয়েলৰ ঠাইত থকা হʼলে আপোনাৰ কেনে অনুভৱ হʼলহেঁতেন?

গভীৰভাৱে অনুসন্ধান কৰক। দানিয়েলে হয়তো কি কি ‘পবিত্ৰ শাস্ত্ৰৰ’ অধ্যয়ন কৰিছিল। (দানি. ৯:২; w২৩.০৮ ৪ ¶৭) দানিয়েলে নিজৰ আৰু ইস্ৰায়েল ৰাষ্ট্ৰৰ পাপ কিয় স্বীকাৰ কৰিলে? (লেবী. ২৬:৩৯-৪২; ১ ৰাজা. ৮:৪৬-৫০; dp-HI ১৮২-১৮৪) দানিয়েলৰ প্ৰাৰ্থনাৰ পৰা কেনেকৈ জানিব পাৰি যে তেওঁ ঈশ্বৰৰ বাক্যৰ গভীৰভাৱে অধ্যয়ন কৰিছিল?—দানি. ৯:১১-১৩.

আপুনি কি শিকিলে তাৰ বিষয়ে চিন্তা কৰক। নিজকে সোধক:

  • পৃথিৱীত হৈ থকা ঘটনাবোৰে যাতে মোৰ ধ্যান বিচলিত কৰিব নোৱাৰে, তাৰ বাবে মই কি কৰা উচিত? (মীখা ৭:৭)

  • দানিয়েলৰ দৰে মইয়ো ঈশ্বৰৰ বাক্য গভীৰভাৱে অধ্যয়ন কৰিলে, মোৰ কি লাভ হʼব? (w০৪ ৮/১ ১২ ¶১৭)

  • ‘জাগি থাকিবলৈ’ মই কি কি বিষয়ে অধ্যয়ন কৰা উচিত? (মথি ২৪:৪২, ৪৪; w১২-HI ৮/১৫ ৫ ¶৭-৮)