Skip to content

পবিত্ৰ শাস্ত্ৰ বাইবেলত থকা কিতাপবোৰৰ পৰিচয়

এই চুটি ভিডিঅʼবোৰে বাইবেলৰ বিভিন্ন কিতাপত উল্লেখ থকা তথ্য আৰু মূল বিষয়বোৰ তুলি ধৰে। ব্যক্তিগত বাইবেল পঢ়া আৰু অধ্যয়ন কৰাৰ সময়ত আপুনি এইবোৰ ব্যৱহাৰ কৰিব পাৰে।

আদিপুস্তক কিতাপখনৰ পৰিচয়

আদিপুস্তক কিতাপখনে আমাক মানৱজাতিয়ে ভুগী থকা দুখ-কষ্ট আৰু মৃত্যুৰ আৰম্ভণিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য দিয়ে।

যাত্ৰাপুস্তক কিতাপখনৰ পৰিচয়

ঈশ্বৰে ইস্ৰায়েলীসকলক মিচৰ দেশৰপৰা মুকলি কৰিছিল আৰু তেওঁলোকক এক ৰাষ্ট্ৰ হিচাপে গঠিত কৰিছিল।

লেবীয়া পুস্তক কিতাপখনৰ পৰিচয়

লেবীয়া পুস্তক কিতাপত ঈশ্বৰৰ পবিত্ৰতাৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিছে আৰু পবিত্ৰ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ, তাৰ বিষয়ে চাওক।

গণনা পুস্তক কিতাপখনৰ পৰিচয়

সকলো পৰিস্থিতিত যিহোৱাৰ আজ্ঞাকাৰী হৈ থকা আৰু তেওঁ নিযুক্ত কৰা লোকসকলক সন্মান কৰা কিয় অতি প্ৰয়োজন, তাৰ বিষয়ে চাওক।

দ্বিতীয় বিবৰণ কিতাপখনৰ পৰিচয়

ইস্ৰায়েলীসকলক দিয়া নিয়মৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই তেওঁলোকক বহুত প্ৰেম কৰে।

বিচাৰকৰ্ত্তাবিলাক কিতাপখনৰ পৰিচয়

এই কিতাপখন ইস্ৰায়েলীসকলক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে ব্যৱহাৰ কৰা বিশ্বাসী লোকসকলৰ নামত আছে।

ৰূথ কিতাপখনৰ পৰিচয়

ৰূথ কিতাপত এজনী যুৱতী বিধৱাগৰাকীয়ে নিজৰ বিধৱা শাহুৰ বাবে দেখুৱা প্ৰেম আৰু ত্যাগৰ ভাবনাৰ বিষয়ে বুজোৱা হৈছে। লগতে এয়াও যে যিহোৱাই তেওঁলোকক কেনেকৈ আশীৰ্বাদ কৰিলে।

১ চমুৱেল কিতাপখনৰ পৰিচয়

ইস্ৰায়েলৰ ইতিহাসত বিচাৰকৰ্তাবিলাকৰ সময়ৰপৰা ৰজাসকলৰ সময়লৈকে হোৱা পৰিবৰ্তনৰ বিষয়ে জানক।

২ চমূৱেল কিতাপখনৰ পৰিচয়

দায়ূদৰ নম্ৰতা আৰু বিশ্বাসে তেওঁক কেনেকৈ বাইবেলৰ এজন অতিকৈ মৰমীয়াল আৰু জনাজাত ব্যক্তি কৰি তুলিলে, ইয়াৰ বিষয়ে জানক।

১ ৰাজাৱলি কিতাপখনৰ পৰিচয়

ৰজা চলোমনৰ শাসনত ইস্ৰায়েল ৰাষ্ট্ৰয়ে মহিমা আৰু সমৃদ্ধি লাভ কৰে। কিন্তু পাছলৈ গৈ কেনেকৈ অশান্তি আৰম্ভ হʼল আৰু ই ইস্ৰায়েল আৰু যিহূদা নামৰ দূখন শত্ৰু ৰাষ্ট্ৰলৈ বিভাজিত হʼল, ইয়াৰ বিষয়ে চাওক।

২ ৰাজাৱলি কিতাপখনৰ পৰিচয়

ইস্ৰায়েলৰ উত্তৰ ৰাজ্যৰ বেছিভাগ লোকে ধৰ্মত্যাগী হৈ যোৱাৰ সত্ত্বেও সম্পূৰ্ণ হৃদয়েৰে উপাসনা কৰা লোকসকলক যিহোৱাই আশীৰ্বাদ দিলে।

১ বংশাৱলি কিতাপখনৰ পৰিচয়

ঈশ্বৰৰ বিশ্বাসী ৰজা দায়ূদৰ বংশাৱলি আৰু তেওঁৰ শাসনৰ আৰম্ভনীৰে পৰা মৃত্যুলৈকে হোৱা ঘটনাবোৰৰ বিষয়ে পঢ়ক।

২ বংশাৱলি কিতাপখনৰ পৰিচয়

যিহূদাৰ ৰজা সকলৰ ইতিহাসে দেখুৱাই যে আমি যিহোৱালৈ বিশ্বাসী হৈ থকা কিমান গুৰুত্বপূৰ্ন।

নহিমিয়া কিতাপখনৰ পৰিচয়

নহিমিয়া কিতাপখনে বৰ্তমান সত্য উপাসকসকলৰ বাবে বহুমূল্য শিক্ষা আগবঢ়ায়।

ইষ্টেৰ কিতাপখনৰ পৰিচয়

ইষ্টেৰ কিতাপখনৰ ঘটনাবোৰৰ পৰা আমাৰ বিশ্বাস হয় দৃঢ় যে যিহোৱাই আজিও নিজৰ লোকসকলক ৰক্ষা কৰে।

ইয়োব কিতাপখনৰ পৰিচয়

যিহোৱাক প্ৰেম কৰা সকলোৱে পৰীক্ষিত হʼব। ইয়োব কিতাপখনে আমাক আশ্বাস দিয়ে যে নিষ্ঠাৱান হৈ থকাৰ যোগেদি আমি যিহোৱাৰ সাৰ্ব্বভৌমত্বক সমৰ্থন কৰিব পাৰিম।

পাঁচনিৰ কৰ্ম্ম কিতাপখনৰ পৰিচয়

আৰম্ভণিৰ খ্ৰীষ্টানসকলে বিভিন্ন দেশৰ লোকসকলক শিষ্য বনোৱা কাৰ্য্যত কঠিন পৰিশ্ৰম কৰিছিল। পাঁচনিৰ কৰ্ম্ম কিতাপে আপোনাক ঘোষণা কাৰ্য্যৰ প্ৰতি উৎসাহ বৃদ্ধি কৰিব।

ৰোমীয়া কিতাপখনৰ পৰিচয়

যিহোৱা ঈশ্বৰে যে পক্ষপাত নকৰে আৰু যীচুৰ ওপৰত বিশ্বাস কৰাটো কিমান প্ৰয়োজন, তাৰ বিষয়ে ঈশ্বৰৰ প্ৰেৰণাৰে বৰ্ণনা কৰা হৈছে।

১ কৰিন্থীয়া কিতাপখনৰ পৰিচয়

পাঁচনি পৌলৰ চিঠিখনত একতাত থকা, নৈতিক মানদণ্ড বজাই ৰখা আৰু এজনে-আনজনক প্ৰেম কৰাৰ বিষয়ে ঈশ্বৰৰ প্ৰেৰণাৰে পৰামৰ্শ দিয়া হৈছে।

২ কৰিন্থীয়া কিতাপখনৰ পৰিচয়

“সকলো শান্ত্বনাৰ ঈশ্বৰ,” যিহোৱাই নিজৰ সেৱকসকলক সহায় কৰিব আৰু শক্তি দিব।

গালাতীয়া কিতাপখনৰ পৰিচয়

পৌলে গালাতীয়ালৈ লিখা চিঠিখন আগতে যিমান প্ৰযোজ্য আছিল, আজি আমাৰ বাবেও প্ৰযোজ্য হয়। ইয়ে সকলো খ্ৰীষ্টানক বিশ্বাসী হৈ থাকিবলৈ সহায় কৰে।

ইফিচীয়া কিতাপখনৰ পৰিচয়

এই চিঠিখনে যীচু খ্ৰীষ্টৰ যোগেদি অনা শান্তি আৰু একতাৰ বিষয়ে থকা যিহোৱাৰ উদ্দেশ্যক তুলি ধৰিছে।

ফিলিপীয়া কিতাপখনৰ পৰিচয়

তাড়নাৰ সময়ত যদি আমি বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে আমি আনক দৃঢ় হৈ থাকিবলৈ উৎসাহিত কৰিব পাৰোঁ।

কলচীয়া কিতাপখনৰ পৰিচয়

শিকা বিষয়বোৰ পালন কৰি, এজনে-আনজনক আন্তৰিকতাৰে ক্ষমা কৰি আৰু যীচুৰ পদ আৰু অধিকাৰক গ্ৰহণ কৰাৰ যোগেদি আমি যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ।

১ থিচলনীকীয়া কিতাপখনৰ পৰিচয়

পাঁচনি পৌলে থিচলনীকীৰ খ্ৰীষ্টানসকলক আধ্যাত্মিকভাৱে সজাগ হৈ থাকিবলৈ, “সকলো বিষয়ৰ পৰীক্ষা” কৰিবলৈ, “নিৰন্তৰে প্ৰাৰ্থনা” কৰিবলৈ আৰু এজনে-আনজনক উৎসাহিত কৰিবলৈ পৰামৰ্শ দিছিল।

২ থিচলনীকীয়া কিতাপখনৰ পৰিচয়

যিহোৱাৰ দিনৰ বিষয়ে থকা ভুল ধাৰণাক পৌলে শুধৰণি কৰে আৰু বিশ্বাসত থিৰে থাকিবলৈ ভাইসকলক উৎসাহিত কৰে।

১ তীমথিয় কিতাপখনৰ পৰিচয়

পৌলে ১ তীমথিয় কিতাপখন সংগঠনৰ বিষয়ে মণ্ডলীক বুজিবলৈ আৰু মিছা শিক্ষা আৰু টকা-পইচাৰ প্ৰেমৰপৰা সাৱধান কৰিবলৈ লিখিছিল।

২ তীমথিয় কিতাপখনৰ পৰিচয়

পৌলে তীমথিয়ক নিজৰ সেৱা কাৰ্য্য ভালদৰে পূৰ কৰিবলৈ উৎসাহিত কৰে।

তীত কিতাপখনৰ পৰিচয়

তীতলৈ লিখা পৌলৰ চিঠিখনে ক্ৰীতি দ্বীপত থকা সমস্যাবোৰ দূৰ কৰে আৰু বৃদ্ধ লোকসকলৰ বাবে আধ্যাত্মিক যোগ্যতা নিৰ্ধাৰণ কৰে।

ফিলীমন কিতাপখনৰ পৰিচয়

এই চুটী, কিন্তু প্ৰভাৱশালী চিঠিখনে নম্ৰতা, দয়া আৰু ক্ষমা আদি বিষয়ে ব্যৱহাৰিক শিক্ষা দিয়ে।

ইব্ৰী কিতাপখনৰ পৰিচয়

খ্ৰীষ্টানসকলৰ উপাসনা মন্দিৰ আৰু জীৱ-জন্তুৰ বলিদানৰ ওপৰত আধাৰিত নহয়, কিন্তু এক ডাঙৰ বিষয়ৰ ওপৰত আধাৰিত।

যাকোব কিতাপখনৰ পৰিচয়

যাকোবে খ্ৰীষ্টানৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰৰ বিষয়ে শিক্ষা দিবলৈ জলন্ত উদাহৰণবোৰ ব্যৱহাৰ কৰিছিল।

১ পিতৰ চিঠিখনৰ পৰিচয়

পিতৰৰ প্ৰথম চিঠিখনে আমাক সক্ৰিয় হৈ থাকিবলৈ আৰু সকলো চিন্তাৰ ভাৰ ঈশ্বৰৰ ওপৰত পেলাই দিবলৈ উৎসাহিত কৰে।

২ পিতৰ চিঠিখনৰ পৰিচয়

নতুন আকাশ আৰু নতুন পৃথিৱীৰ বাবে অপেক্ষা কৰাৰ সময়ত বিশ্বাসী হৈ থাকিবলৈ পিতৰৰ দ্বিতীয় চিঠিখনে আমাক উৎসাহিত কৰিছে।

১ যোহন চিঠিখনৰ পৰিচয়

যোহনৰ চিঠিখনে আমাক খ্ৰীষ্ট বিৰোধীসকলৰপৰা সাৱধান কৰিছে। আমি কিহক প্ৰেম কৰা উচিত আৰু কিহক প্ৰেম কৰা উচিত নহয়, তাক বুজিবলৈ সহায় কৰিছে।

২ যোহন কিতাপখনৰ পৰিচয়

যোহনৰ দ্বিতীয় চিঠিখনে আমাক সত্যত চলিবলৈ আৰু প্ৰৱঞ্চনাবিলাকৰপৰা নিজকে সুৰক্ষা দিবলৈ মনত পেলায় দিয়ে।

৩ যোহন কিতাপখনৰ পৰিচয়

যোহনৰ তৃতীয় চিঠিখনে অতিথি-সৎকাৰৰ বিষয়ে শিক্ষা দিয়ে।

যিহূদা কিতাপখনৰ পৰিচয়

খ্ৰীষ্টান মণ্ডলী কলংকিত কৰা লোকসকলক উদাহৰণৰ যোগেদি চিনাক্ত কৰিছে।

প্ৰকাশিত বাক্য কিতাপখনৰ পৰিচয়

প্ৰকাশিত বাক্য কিতাপৰ জীৱন্ত দৰ্শনবোৰে উনুকিয়াই দিয়ে যে ঈশ্বৰৰ ৰাজ্যই কেনেকৈ মানৱজাতি আৰু পৃথিৱীৰ উদ্দেশ্য পূৰ কৰিব।

You May Also Like

কিতাপ আৰু ব্ৰচাৰবোৰ

বাইবেল—ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে

বাইবেলত কি প্ৰাথমিক খবৰ পোৱা যায়?