Skip to content

যীচুৰ অস্তিত্ব আছিল বুলি বিদ্ধানসকলে বিশ্বাস কৰেনে?

যীচুৰ অস্তিত্ব আছিল বুলি বিদ্ধানসকলে বিশ্বাস কৰেনে?

 যীচুৰ অস্তিত্ব আছিল বুলি বিদ্ধানসকলৰ ওচৰত এক গুৰুত্বপূৰ্ণ আধাৰ আছে। যীচু আৰু প্ৰাচীন খ্ৰীষ্টানসকলৰ বিষয়ে প্ৰথম আৰু দ্বিতীয় শতিকাৰ বুৰজ্ঞীবিদসকলে যি বৰ্ণনা কৰিছিল, তাৰ বিষয়ে এনচাইক্লোপিডিয়া ব্ৰিটেনিকা, ২০০২ চনৰ সংস্কৰণে এইদৰে উল্লেখ কৰিছে: “এই স্বতন্ত্ৰ বৰ্ণনাবোৰে প্ৰমাণ কৰে যে প্ৰাচীন সময়ত খ্ৰীষ্টানসকলক বিৰোধ কৰা লোকসকলেও যীচুৰ অস্তিত্বৰ বিষয়ে কোনো সন্দেহ কৰা নাছিল। ওঠৰ শতিকাৰ শেষৰ ফালে, ঊনৈশ শতিকাজুৰি আৰু কুৰি শতিকাৰ আৰম্ভণিত কোনো আধাৰ নোহোৱাকৈ প্ৰথমবাৰৰ বাবে যীচুৰ অস্তিত্বৰ বিষয়ে বিতৰ্কতা আৰম্ভ হয়।”

 ২০০৬ চনত, যীচু আৰু পুৰাতত্ব নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰে: “নামজ্জ্বলা কোনো পুৰাতত্ববিদে যোচেফৰ পুত্ৰ যীচু নামৰ এজন ইহুদীৰ অস্তিত্বৰ বিষয়ে কেতিয়াও প্ৰশ্ন নকৰে। সকলোৱে সহজে স্বীকাৰ কৰে যে বৰ্তমান সময়ত আমাৰ ওচৰত তেওঁৰ শিক্ষা আৰু কাৰ্য্যবোৰৰ বিষয়ে যথেষ্ট প্ৰমাণ আছে।”

 বাইবেলে যীচুক এজন সঁচা ব্যক্তি হিচাপে তুলি ধৰে। ইয়াত যীচুৰ পূৰ্ব্বপুৰুষ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ নামবোৰ পোৱা যায়। (মথি ১:১; ১৩:৫৫) ইয়াৰ উপৰিও যীচুৰ সমকালিনত বাস কৰা বিখ্যাত শাসকসকলৰ নামো দেখা যায়। (লূক ৩:১, ২) বিতংভাৱে বৰ্ণনা কৰা এই বিষয়বোৰে গৱেষকসকলক বাইবেলৰ যথাৰ্থতা প্ৰমাণ কৰিবলৈ সহায় কৰে।