Skip to content

মানুহৰ মৃত্যু কিয় হয়?

মানুহৰ মৃত্যু কিয় হয়?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 মানুহৰ মৃত্যু কিয় হয় এই প্ৰশ্ন সোধাটো স্বাভাৱিক, বিশেষকৈ যেতিয়া আমাৰ কোনো আপোনজনাৰ মৃত্যু হয়। পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “মৃত্যুৰ হুল পাপ, আৰু পাপৰ বল বিধান।”​—১ কৰিন্থীয়া ১৫:৫৬.

সকলো মানুহে কিয় পাপ কৰে আৰু মৃত্যু হয়?

 প্ৰথম মানৱ আদম আৰু হৱাই ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ বাবে নিজৰ জীৱন হেৰুৱালে। (আদিপুস্তক ৩:১৭-১৯) তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পৰিণাম আছিল মৃত্যু, কিয়নো ঈশ্বৰৰ লগত “জীৱনৰ ভুমুক” আছে।​—গীতমালা ৩৬:৯; আদিপুস্তক ২:১৭.

 আদমে তেওঁৰ সতি-সন্ততিসকলক উত্তৰাধিকাৰী হিচাপে পাপ দি গʼল। বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “এজন মানুহৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱেই পাপ কৰাত, সেই মৃত্যু সকলো মানুহলৈকে ব্যাপি গল।” (ৰোমীয়া ৫:১২) গতিকে, পাপী হোৱাৰ বাবে সকলো মানুহৰ মৃত্যু হয়।​—ৰোমীয়া ৩:২৩.

মৃত্যুক কেনেকৈ নাইকিয়া কৰা হʼব?

 ঈশ্বৰে এনে এক সময়ৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে, যেতিয়া “তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস” কৰিব। (যিচয়া ২৫:৮) মৃত্যুৰ মূল কাৰণ হৈছে পাপ আৰু ঈশ্বৰে ইয়াক নাইকিয়া কৰিব। ঈশ্বৰে এই কাৰ্য্য যীচু খ্ৰীষ্টৰ যোগেদি কৰিব, কিয়নো তেওঁ এই “জগতৰ পাপ নিওঁতা” হয়।​—যোহন ১:৩০; ১ যোহন ১:৭.