Skip to content

আমি সন্মুখীন হোৱা দুখ-কষ্টৰ বাবে ঈশ্বৰক দোষ দিব পাৰোঁ নেকি?

আমি সন্মুখীন হোৱা দুখ-কষ্টৰ বাবে ঈশ্বৰক দোষ দিব পাৰোঁ নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 বাইবেলে স্পষ্টৰূপে উত্তৰ দিয়ে যে আমি সন্মুখীন হোৱা দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ী নহয়। মানৱজাতিৰ বাবে থকা ঈশ্বৰৰ উদ্দেশ্যত দুখ-কষ্টৰ কোনো স্থান নাছিল। প্ৰথম দম্পতীয়ে ঈশ্বৰৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁলোকে ভাল আৰু বেয়াৰ বাবে থকা নিজৰ মানদণ্ডক নিৰ্ব্বাচন কৰিছিল। তেওঁলোকে ঈশ্বৰৰপৰা আঁতৰি গৈছিল আৰু ইয়াৰ পৰিণাম ভুগিবলগীয়া হৈছিল।

 তেওঁলোকে কৰা ভুল নিৰ্ব্বাচনৰ বাবে বৰ্তমান সময়ত আমি ইয়াৰ পৰিণাম সন্মুখীন হৈছোঁ। গতিকে, মানৱজাতিয়ে সন্মুখীন হোৱা দুখ-কষ্টৰ বাবে আমি কোনোপধ্যেই ঈশ্বৰক দায়ী কৰিব নোৱাৰোঁ।

 পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “যেতিয়া পৰীক্ষিত হয়, তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ, এই বুলি কোনেও নকওক; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত, আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও।” (যাকোব ১:১৩) ঈশ্বৰৰ দৃষ্টিত এজন ব্যক্তি ধাৰ্ম্মিক হওক বা নহওক, দুখ-কষ্ট যিকোনো লোকৰ ওপৰত আহিব পাৰে।